newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুৰ ৫ বাৰৰ মুখ্যমন্ত্ৰী ৯৪ বছৰীয়া এম কৰুণানিধিৰ মঙলবাৰে চেন্নাইৰ কাবেৰী হস্পিতালত মৃত্যু হয়। মঙলবাৰে নিশাই তেওঁৰ নশ্বৰদেহ চেন্নাইৰ ৰাজাজী হ’ললৈ নিয়া হয় আৰু তাত নশ্বৰদেহ ৰখা হয়। বুধবাৰৰ পুৱাৰ পৰা কৰুণানিধিৰ নশ্বৰদেহ দৰ্শনৰ ব্যৱস্থা কৰে প্ৰশাসনে।
বুধবাৰে পুৱাৰে জনতাৰ নেতাক এবাৰ দৰ্শন কৰাৰ বাবে হাজাৰ হাজাৰ লোকেৰে ভৰি পৰে চেন্নাইৰ ৰাজাজী হ’লৰ সন্মুখত। তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিভিন্ন নেতাই উপস্থিত হৈ শেষ শ্ৰদ্ধা যাচে কৰুণানিধিক।