newsnextone.com | ডিজিটেল ডেস্কঃ এম কৰুণানিধিৰ নশ্বৰদেহ দৰ্শনৰ বাবে ৰখা ৰাজাজী হ’লত অস্বাভাৱিক ভিৰ হোৱাৰ ফলত আৰক্ষীয়ে লাঠি চলনা কৰাত হেঁচা-ঠেলাত ২গৰাকী লোক নিহত হোৱাৰ খবৰ আহিছে। আনহাতে ৩৩ গৰাকী লোক গুৰুতৰ ভাৱে আহত হৈছে। ইয়াৰে অধিকাংশ আহতক চিকিৎসালয়লৈ নিব লগা হয়। প্ৰশাসনে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাৰে বাৰে লাঠিচলনা কৰাৰ পিছতো মানুহৰ সংখ্যা বৃদ্ধি হৈ আহিছে।
তামিলনাডুৰ ৫ বাৰৰ মুখ্যমন্ত্ৰী ৯৪ বছৰীয়া এম কৰুণানিধিৰ মঙলবাৰে চেন্নাইৰ কাবেৰী হস্পিতালত মৃত্যু হয়। মঙলবাৰে নিশাই তেওঁৰ নশ্বৰদেহ চেন্নাইৰ ৰাজাজী হ’ললৈ নিয়া হয় আৰু তাত নশ্বৰদেহ ৰখা হয়। বুধবাৰৰ পুৱাৰ পৰা কৰুণানিধিৰ নশ্বৰদেহ দৰ্শনৰ ব্যৱস্থা কৰে প্ৰশাসনে।