নতুন দিল্লীঃ কেইবা দশক পুৰণি অযোধ্যাৰ ৰাম জন্মভূমি বাবৰি মজছিদ বিবাদৰ সৰ্বগ্ৰাহ্য সমাধানৰ বাবে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তিনিজন মধ্যস্থতাকাৰীক নিয়োগ কৰিছে।
উচ্চতম ন্যায়ায়লয়ৰ প্ৰাক্তন ন্যায়াধীশ এফ এম ইব্ৰাহীম কালিফুল্লা, আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰ আৰু জ্যেষ্ঠ অধিবক্তা শ্ৰীৰাম পানচুক দেশৰ শীৰ্ষ আদালতখনে এই বিবাদ নিষ্পতিৰ বাবে সকলো পক্ষৰ লগত আলোচনা কৰি সমাধান সূত্ৰ উলিয়াবলৈ নিৰ্দেশ দিয়ে। এই মধ্যস্থতাকাৰীকেইজনে তেওঁলোকৰ কাম অতি গোপনে, আনকি সংবাদ মাধ্যমৰপৰা আঁতৰত থাকি কৰিব লাগিব।