74
গোলাঘাটঃ মাছ মাৰিবলৈ যাওতে এতিয়া সাৱধান আৰু সচেতন হওক। থলুৱা মাছৰ বংশবৃদ্ধি আৰু সংৰক্ষণৰ বাবে জাৰি কৰা হৈছে নতুন নীতি।
সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো অসম মীন নীতি ১৯৫৩ (সংশোধিত ২০০৫) অনুসৰি বলবৎ নিষেধাজ্ঞাসমূহৰ উপৰি গোলাঘাট জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক আদেশযোগে ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত এক নিষেধাজ্ঞা জাৰি কৰিছে৷