কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ মুখ্যদ্বাৰ বন্ধ কৰি আজি বডোলেণ্ড বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° হেমন্ত কুমাৰ বৰুৱাৰ বিৰুদ্ধে ধৰ্ণা-শ্লোগানেৰে পৰিৱশ উত্তাল কৰি তোলে। তদুপৰি বিশ্ববিদ্যালয় ছাত্ৰ গোটে উপাচাৰ্য, পঞ্জীয়ক আৰু চিইউডিচিৰ সঞ্চালকৰ কাৰ্যালয় কক্ষত তলাবন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শেখৰ ব্ৰহ্ম আৰু কলেজ আৰু বিশ্ববিদ্যালয় উন্নয়ন পৰিষদৰ(চিইউডিচি) সঞ্চালক ড° দীননাথ বসুমতাৰীৰ বিৰুদ্ধে উপাচাৰ্যগৰাকীয়ে পক্ষপাতমুলক ভূমিকা গ্ৰহণ কৰাৰ পৰিণতিতে ৰাজ্যপালে পঞ্জীয়ক আৰু চিইউডিচিৰ সঞ্চালকক অপসাৰণ কৰিছে বুলি অভিযোগ উত্থাপনেৰে আজি বিশ্ববিদ্যালয় ছাত্ৰ গোটৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীৰ লগতে একাংশ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভিচি হায় হায়, ভিচি গ’ বেক, ভিচি মুৰ্দাবাদ আদি ইত্যাদি শ্লোগানেৰে বিশ্ববিদ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে।