63
আজাৰাঃ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কোষাধ্যক্ষ জয় কুমাৰ জৈনৰ সহধৰ্মিনী তাৰাদেৱী জৈনৰ আজি পুৱা মাছখোৱা কেদাৰ ৰোডৰ নিজ বাসগৃহত মৃত্যু হয়।
মৃত্যৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। জয় কুমাৰ জৈনৰ ঘৰত উপস্থিত হৈ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নৱজ্যতি তালুকদাৰ, শৈলেন বৰাই জৈনৰ পত্নীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।