48
ডিজিটেল ডেস্কঃ দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে দিনে-নিশাই অতন্দ্ৰ প্ৰহৰীৰ ৰূপত সেৱা আগবঢ়াই অহা সেনা জোৱানৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ শেহতীয়াকৈ এক উদ্বেগজনক প্ৰতিবেদন প্ৰকাশ পাইছে। প্ৰতিবেদন মতে সেনা জোৱানৰ মাজত মানসিক চাপ, নিসংগতা, অস্থিৰতাই ছানি ধৰিছে।
প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি ৬ বছৰত চেণ্ট্ৰেল আৰ্ম পুলিছ ফৰ্ছৰ প্ৰায় ৭০০ গৰাকী জোৱানে আত্মহত্যা কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সংসদীয় প্ৰতিবেদনত সদৰী কৰে এই তথ্য৷