ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ পৰা কেইবা সহস্ৰাধিক লোকৰ সমৰ্থনত দিল্লীৰ ৰামলীলা ময়দানত অনশনত বহিছে প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰে৷ লোকপাল বিধেয়ক আইনত পৰিণত কৰা আৰু কৃষকৰ সমস্যা সমাধানৰ দাবীত অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰে আন্নাই৷ আন্নাই ইতিমধ্যে ৪২ খন পত্ৰ লিখাৰ পিছতো তেওৰ কথা নুশুনিলে বুলি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ চৰকাৰে মোৰ কথা নুশুনাৰ বাবে পুনৰ আন্দোলনত বহিব লগা ব’ল বুলি কয় আন্নাই৷ ইউপিএ চৰকাৰৰ কালত ১৬ বাৰ অনশন বহিছিল আন্নাই৷
►যেতিয়ালৈ মোৰ শৰীৰত প্ৰাণ আছে মই কৈ যাম।
►৮০ বছৰ বয়সত সমাজৰ ভালৰ বাবে মৃত্যু হোৱা বেছি ভাল৷
►কেৱল বগা লোকসকল গ’ল আৰু কলাবোৰ আহিল।
►অনশনকাৰীক দিল্লীৰ ৰামলীলা ময়দানলৈ অহাত বাধা আৰোপ কৰিছে।
►এয়াই লোকতন্ত্ৰ নেকি?