গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান চিলাৰায় মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ একাংশ দল-সংগঠনে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান খন একাংশ লোকৰ একনায়কত্ববাদৰ বাবে ক্ৰমান্বয়ে শৈক্ষিক পৰিৱেশ নিম্নগামী হোৱাৰ অভিযোগ উত্থাপন কৰে৷
মহাবিদ্যালয় খনৰ খোদ অধ্যক্ষ, একাংশ প্ৰবক্তাই নিজ খেয়াল খুচি মতে মহাবিদ্যালয় খন চলাব বিচাৰে বুলি মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাই অভিযোগ উত্থাপন কৰে৷ একাংশ লোকে কেৱল আজৰি সময় পাৰ কৰাৰ দৰে মহাবিদ্যালয় খনত সময় পাৰ কৰিবলৈ আহে বুলিও অভিযোগ উত্থাপন হয়৷ একাংশ লোকে নিজ নিজ দায়িত্ব পালনত গাফিলতি কৰাৰ বাবে মহাবিদ্যালয় খনত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা বুলি চৰ্চা আৰম্ভ হৈছে৷