87
ডিজিটেল ডেস্কঃ দালাই লামাৰ অৰুণাচল ভ্ৰমণত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ সৈতে কথাৰ কটা-কটিৰ পিছত এইবাৰ কাৰ্যতঃ আক্ৰোশমূলক পদক্ষেপ হাতত লৈছে চীনে৷
চীনক কেৰেপকে নকৰা ভাৰতৰ মনোভাৱৰ পোতক তুলিবলৈ শেহতীয়াকৈ ৰঙা চীনৰ মানচিত্ৰত অৰুণাচল প্ৰদেশক অন্তৰ্ভূক্তকৰণেৰে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ভাৰতৰ বাবে৷ প্ৰাপ্ত বাতৰি মতে, অৰুণাচল প্ৰদেশৰ ৬ খনকৈ ঠাইক চীনৰ মানচিত্ৰত সন্নিবিষ্ট কৰিছে বেইজিঙে।