newsnextone.com | লিডুঃ কাৰ্বি আংলঙৰ ডকমকাত সোপাধৰাৰ সন্দেহত দুগৰাকী অসমীয়া প্ৰতিভাৱান যুৱকক নিৰ্মম ভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্য জুৰি ক্ষোভৰ জুই উদগীৰণ কৰিছে৷ সকলোৱে এই নিৰ্মম কাণ্ডক গৰিহণা দি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে এচাম নৰপিশাচৰ হাতত জীৱন হেৰুওৱা নিলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ যুৱক দুগৰাকীৰ আত্মাৰ সদগতিৰ বাবে ঠায়ে ঠায়ে বন্তি, মমবাতি জ্বলাই প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে৷
ৰাজ্যৰ চৌদিশে প্ৰকৃত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত আৰম্ভ হৈছে বিভিন্ন প্ৰতিবাদ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুটো সোমবাৰে স্থানীয় ৰাইজ তথা লিডুৰ একাংশ যুৱ সমাজৰ উদ্যোগত অকালতে প্ৰান হেৰুওৱা নিলোৎপল দাস আৰু অভিজিৎ নাথৰ মৃত্যুৰ উচিত বিচাৰ তথা আত্মাৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন কৰা হয়৷