ডিজিটেল ডেস্কঃ দিল্লীত শণিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৮৪সংখ্যক কংগ্ৰেছৰ মহাধিৱেশন৷ এই অধিৱেনশতে আগন্তুক ৫বছৰৰ বাবে দলৰ লক্ষ্য আৰু কৰ্মসূচী নিৰ্ণয় হ’ব৷ লগতে আৰ্থিক আৰু বৈদেশিক বিষয়ৰ ওপৰতো ৪ টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে এই অধিৱেশনত ভাষণ প্ৰদান কৰিব৷ মহাধিৱেশনৰ আৰম্ভ হোৱাৰ পূৰ্বে শুকুৰবাৰে দলৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হৈ যায়৷
#TopStory: Congress President Rahul Gandhi to address the party's plenary session in Delhi. (File Pic) pic.twitter.com/IGn9Lszpnt