গুৱাহাটীঃ দেশবাসীক সু-স্বাস্থ্য প্ৰদান কৰিবলৈ প্ৰতিটো অঞ্চল পৰিস্কাৰকৈ ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় কৰি স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছে। একাংশ লোকৰ বাবে স্বচ্ছ ভাৰত এতিয়া এক ফেশ্বন৷ মোবাইলৰ কেমেৰা অন কৰি ৰাজপথত ঝাড়ু মাৰি ফেচবুকত ফটো আপলোড কৰা মানুহ বহু আছে৷ একাংশ লোকে ঝাডু হাতত লৈ কেমেৰাৰ লেন্সত বন্দী হোৱাৰ তাড়নাত কাম কৰা দেখা যায়৷
কিন্তু একাংশ লোকে দেশ খনক পৰিস্কাৰ কৰাৰ ৰখাৰ স্বাৰ্থত দিনে-নিশাই এক কৰি কাম কৰে৷ কিন্তু তেনেদৰে কাম কৰাৰ লোকসকলক চৰকাৰে গুৰুত্ব প্ৰদান কৰে নে৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ প্ৰকৃততে স্বচ্ছ ভাৰত নতুবা স্বচ্ছ অসম বিচাৰেনে৷ বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰচ কৰা বি জে পি চৰকাৰে নিবিচাৰে স্বচ্ছ অসম। চাফাই কৰ্মীসকলক কৰি অহা বঞ্চনাৰ পৰা বিজেপি চৰকাৰে নিবিচাৰে স্বচ্ছ দেশ এই কথাই প্ৰমাণ কৰে। যাৰ বাবে বাৰে বাৰে প্ৰাপ্যৰ পৰা বঞ্চিত হব লগা হৈছে চাফাই কৰ্মীসকল।