অভয়াপুৰীঃ উজনি-নামনি, বৰাক উপত্যকাৰ একাংশ থলুৱা ইছলামধৰ্মী সময়ে সময়ে হাৰাশাস্তিৰ সন্মুখীন হ’বলগা হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বছৰ বছৰ ধৰি বঞ্চিত অৱহেলিত ৰাজ্যৰ থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠীৰ লোকসকল৷ জনগোষ্ঠীয় পৰিচয় বিচাৰি গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলে আজিও প্ৰতিবাদ কৰি আহিব লগা হৈছে৷
স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা ভূমিপুত্ৰ ইছলামধৰ্মী লোকসকলে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷