জাজৰিঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ শংকৰ মন্দিৰ ৰাজহুৱা ভৱন প্ৰাংগনত অসম আন্দোলনৰ নিৰ্যাতিত পৰিয়ালৰ লোকৰ উপস্থিতিত যোৱা ১৫ মাৰ্চত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাইদঙীয়া আঞ্চলিক সমিতি আৰু অসম আন্দোলনৰ নিৰ্যাতিত পৰিয়ালৰ সদস্যৰ আহ্বানত অনুষ্ঠিত সভাত বিশিষ্ট সমাজকৰ্মী তথা নিৰ্যাতিত গকুল চন্দ্ৰ বৰাৰ সভাপতিত্ব কৰে৷
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাইদঙীয়া আঞ্চলিক আছুৰ সভাপতি ভাস্কৰজ্যোতি ভূঞাই। সভাত সদৌ নগাঁও জিলা আছুৰ সভাপতি অভিজিৎ দাস উপস্থিত থাকি ছয় বছৰীয়া বিদেশী বহিস্কাৰ আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অগপ চৰকাৰে ১০ বছৰ শাসন কালত জাতীয় স্বাৰ্থ সমূহ পূৰণ কৰিব নোৱাৰিলে বুলি কয়।