70
ডিজিটেল ডেস্কঃ দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক ফেচবুকত লিখা শ্ৰেণী ল’ব বিশ্ববিদ্যালয়খনে৷ ইংৰাজী বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হ’ব এই বিশেষ শ্ৰেণী৷ ইংৰাজী সাহিত্য বিভাগে পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিছে উক্ত বিষয়টো৷
তদুপৰি কেৱল ফেচবুকত পষ্ট লিখা শিকোৱাৰ উপৰিও ব্লগ লিখা ,ক’ভাৰ লেটাৰ লিখা আৰু প্ৰুফ ৰিডিঙো শিকোৱা হ’ব ছাত্ৰ ছাত্ৰীক৷ বিশ্ববিদ্যালয়ৰ সকলো মহাবিদ্যালয়লৈ ইতিমধ্যে উক্ত প্ৰস্তাৱ পঠোৱা হৈছে৷