মঙ্গলদৈঃ মঙ্গলদৈত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অহা চৰকাৰী চাইকেলৰ মুকলি বেহা চলাৰ অভিযোগ উত্থাপিত হৈছে। দৰং জিলাৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অহা চৰকাৰী চাইকেল ১¸২০০ টকাৰ পৰা ১¸৫০০ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকে।
অভিযোগ অনুসৰি মঙ্গলদৈস্থিত আনন্দ ৰাম বৰুৱা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক আক্কাচ আলীয়ে বিভাগীয় কৰ্মচাৰীৰ সহযোগত ধনৰ বিনিময়ত এই চাইকেলসমূহ প্ৰদান কৰি আহিছে। ঘটনা সন্দৰ্ভত স্থানীয় সাংবাদিক আৰু আমছু (AAMSU) ৰ দল স্কুলত উপস্থিত হোৱাৰ উমান পাই ৯.৩০ বজাতে স্কুল বন্ধ কৰি পলায়ন কৰে প্ৰধান শিক্ষকগৰাকীয়ে।