গুৱাহাটীঃ সচিবালয়ত দেহ বিক্ৰী কৰে বিজেপি বিধায়িকাই। ৩ ঘণ্টাত আদায় লয় ১ লাখকৈ। ফেচবুকত উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। কোনো সাধাৰণ লোকে নহয়, এই অভিযোগ উত্থাপন কৰিছে স্বয়ং আৰক্ষী বিষয়াই।
আৰক্ষী বিষয়াজনে নিজৰ ফেচবুক টাইমলাইনত এটি পোষ্টৰ জৰিয়তে উত্থাপন কৰিছে এই অভিযোগ। ‘জয় শ্ৰী ৰাম, জয় হিন্দুভূমি’ বাক্যাংশৰে সামৰণি মৰা পোষ্টটোত উল্লেখ কৰা মতে, নিজ কাৰ্যালয়ৰ কোঠাত হেনো বিজেপিৰ এগৰাকী বিধায়িকাই এনে ঘৃণনীয় কাৰ্য কৰি আহিছে। বিধায়িকাগৰাকীয়ে ইয়াক ব্যৱসায় হিচাপে লৈ অহা বুলিও পোষ্টটোত উল্লেখ কৰিছে অঞ্জন বৰা নামৰ বিতৰ্কিত আৰক্ষী বিষয়াজনে।