কোকৰাঝাৰঃ ৰঞ্চাইধামত থকা কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অাজি এগৰাকী নৱম মানৰ ছাত্ৰই বিদ্যালয় চৌহদতে অাকস্মিক মৃত্যুক সাৱটি লোৱাত জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। বিদ্যালয় চৌহদতে ৰাতিপুৱা ৮:৩০ মান বজাত অাকস্মিক মৃত্যুক সাৱটি লোৱা ছাত্ৰগৰাকীক বাসুগাঁওৰ কমল সেনৰ পুত্ৰ সুস্ময় সেন (১৫) বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত বাতৰি অনুসৰি অাজি ৰাতিপুৱা ৮:৩০ মান বজাত অষ্টম মানৰ ছাত্ৰগৰাকীয়ে বিদ্যালয় চৌহদতে থকা হোষ্টেলৰ পৰা সমনিয়াৰ সতে বিদ্যালয় বুলি খোজকাঢ়ি অাহি থাকোতেই হঠাতেই পকীপথৰ ওপৰতে বাগৰি পৰে। বাগৰি পৰাৰ ক্ষন্তেক সময় পিছতেই ছাত্ৰগৰাকী থিয় হয় যদিও পুনৰাই বাগৰি পৰে। মুহুৰ্ততে বিদ্যালয় চৌহদত হুৱা দূৱা লাগে অাৰু বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকল ছাত্ৰগৰাকীৰ কাষলৈ দৌৰি অাহে।