72
বিশ্বনাথঃ বিশ্বনাথত পুনৰ আটক দুটাকৈ চোৰাং চিকাৰীসহ উদ্ধাৰ প্ৰায় আঠ কিলোগ্ৰাম ওজনৰ হাতীৰ দাঁত। এক গোপন সূত্ৰৰ পম খেদি কাজিৰঙা Northern Rangeৰ বনকৰ্মীয়ে অভিযান চলাই বিশ্বনাথৰ বাঘমাৰীৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পালছাৰ বাইকসহ এই দুজন চোৰাং চিকাৰী আটক কৰে। চোৰাং চিকাৰী দুজন ক্ৰমে আব্দুল কৰিম আৰু ইছমাইল আলী।