ছাইদুল ইছলাম, ডিফুঃ ৩০ দিন ধৰি কঠোৰ উপবাস তথা পৱিত্ৰ ৰমজান মাহৰ ৰোজা ধৰাৰ পাছত সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ জামে মছজিদ প্ৰাংগনত ঈদ-ঊল-ফিটৰ পালন কৰা হয়৷

মছজিদৰ ইমাম আলহাজ মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে ঈদ-ঊল-ফিটৰৰ দুই ৰাকাত ওৱাজিব নামাজ আদায় কৰায়৷ প্ৰায় দুই সহস্ৰাধিক ইছলাম ধৰ্মালম্বী লোকে ঈদৰ নামজত অংশগ্ৰহণ কৰি নামাজ আদায় কৰে৷

পুৱা ৮-৩০ বজাৰ নিৰ্ধাৰিত সময়তকৈ ১০ মিনিট পলমকৈ আৰম্ভ হোৱা ঈদৰ নামাজ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়৷ ইছলাম ধৰ্মালম্বী লোকসকলে ঈদৰ নামাজৰ পূৰ্বে আৰু অন্তত দুখীয়া-দৰিদ্ৰ, মিছকিন আৰু দিব্যাংগসকলৰ মাজত ৰোজাৰ ফিতৰা আৰু জাকাত দান হিচাপে আদায় কৰি ৰমজান মাহৰ বৈশিষ্ট বজাই ৰাখে আৰু ইজনে সিজনক স্নেহালিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে৷

ডিফু জামে মছজিদত নামাজ আদায় কৰাৰ পাছত মছজিৰ ইমাম আলহাজ মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে পূৰ্বপূৰুষ তথা মুৰ্দেগানৰ ৰূহৰ সদগতিৰ বাবে মোনাজাতৰ জৰিয়তে কাতৰ প্ৰাৰ্থনা কৰে। তেওঁ সাংবাদিকৰ আগত কয় যে প্ৰতিবছৰৰ দৰে এই বছৰো শান্তিপূৰ্ণভাৱে ঈদৰ নামাজ আদায় কৰাত সক্ষম হোৱাৰ বাবে আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে৷

সমগ্ৰ পৃথিৱীৰ লগতে যাতে তথা পাহাৰীয়া জিলা কাৰ্বি আংলঙতো শান্তি, সম্প্ৰীতি, ভাতৃত্ব অটুট থকাৰ লগতে সমন্বয়ৰ সেঁতু গঢ়ি উঠে তাৰ বাবেও অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা কৰে৷ নামাজৰ শেষত প্ৰতিজন ইছলাম ধৰ্মালম্বী সকলৰ ঘৰত সুস্বাধু পোলাও, বিৰিয়ানী, ৰঙ-বিৰঙি পিঠা-পনা আৰু চেৱৈৰে অতিথি আৰু আপোনজনক আপ্যায়ন কৰা হয়।