95
ডিজিটেল ডেস্কঃ ফেচবুকৰ ডাটা ফাদিলৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই ভাৰতৰ নিৰ্বাচন আয়োগে ফেচবুকৰ সৈতে আলোচনাত বহিব বুলি খবৰ প্ৰকাশ হৈছে৷ যোৱা সপ্তাহত ফেচবুকৰ তথ্য ফাদিল হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই দেশৰ নিৰ্বাচন আয়োগে এই সংকেত দিয়ে৷
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত অ’পি ৰাৱাতে ভোটদাতাক উৎসাহিত কৰাৰ বাবে শীঘ্ৰে ফেচবুকৰ সৈতে আলোচনাত বহিব বুলি কয়৷ ফেচবুকৰ সৈতে পাৰ্টনাৰশ্বিপ কৰাৰ ক্ষেত্ৰত শীঘ্ৰে বৈঠকত বহিব নিৰ্বাচন আয়োগ৷