বাঘবৰঃ পৰিৱৰ্তনকামী চৰকাৰৰ সুদিনৰ সময়তে ৰাজ্যৰ কৃষকলৈ নামি আহিছে দুৰ্দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ধাননি পথাৰত পতানৰ লগতে বাঘবৰৰ প্ৰায় ১০ খন গাঁৱৰ শ শ বিঘা ইৰিধান খেতিত পতান ওলাইছে। জানিব পৰা মতে, কৃষি বিভাগে কৃষকসকলক যোগান ধৰিছিল ইউপিএল কোম্পানীৰ ৮৩৭ এডবাণ্ডা বীজ।
সেই বীজ দৰিদ্ৰ কৃষকে ৰোপন কৰিছিল। কিন্ত ধান কটাৰ সময়তে ওলাল পতান। আন একাংশ খেতিত অচিন পোকে নষ্ট কৰি তহিলং কৰিলে কৃষকৰ কঠোৰ পৰিশ্ৰমৰ সপোনৰ ধাননি পথাৰ। উল্লেখযোগ্য যে ৯৮% লোকে বাঘবৰৰ একাংশ গাঁৱত খেতি কৰে।