গোগামুখঃ ধেমাজি জিলাৰ প্ৰশাসনে আজিৰে পৰা গোগামুখত আৰম্ভ কৰিছে পথৰ কাষৰ চৰকাৰী ভূমিত উচ্ছেদ অভিযান৷ আজি গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পি কে নাগবংশীৰ নেতৃত্বত এটা দলে ১৫ নং ৰাষ্ট্ৰীয় পথৰ একাষে উচ্ছেদ চলায়৷
অৱশ্যে আজিৰে পৰা প্ৰায় এসপ্তাহ আগতে ধেমাজি জিলা প্ৰশাসনৰ ঘোষণাৰ প্ৰতি সঁহাৰি জনাই চৰকাৰী ভূমিত ব্যৱসায় কৰি থকা ক্ষুদ্ৰ ব্যৱসায়ী সকলে নিজ নিজ দোকান সমূহ ভাঙি পেলায়৷ সেইদৰে যিবোৰ স্থায়ী গৃহৰ কিছু কিছু অংশ চৰকাৰী মাটিত অাছিল, সেই অংশ সমূহো ব্যৱসায়ী সকলে স্বতঃস্ফূৰ্ত ভাবে ইতিমধ্যে আঁতৰাই পেলাইছে৷