Newsnextone | ডিজিটেল ডেস্কঃ তিনিমাহৰ ভিতৰত মুঠ ৫৮.৩ কোটিৰো অধিক ফেচবুকৰ একাউন্ট বন্ধ কৰিছে ফেচবুকে। হিংসা-বিদ্বেষমূলক তথা সন্ত্ৰাসবাদী কাৰ্যকলাপত উত্সাহ যোগোৱা দৃশ্য-শ্ৰাব্য আৰু আলোকচিত্ৰ প্ৰচাৰ কৰা একাউণ্টবোৰৰ লগতে ভুৱা একাউণ্টবোৰ ফেচবুকৰ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে যোৱা তিনিমাহত আঁতৰাই পেলোৱা হৈছে বুলি মাৰ্ক জুকাৰবাৰ্গে এটা পোষ্টযোগে সদৰী কৰিছে।
সামাজিক তথা সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টিকাৰী একাউণ্টবোৰৰ লগতে ইউজাৰৰ তথ্য অবৈধভাৱে সৰবৰাহ কৰা ভালেমান এপচো বন্ধ কৰি দিছে ফেচবুকে। কেমব্ৰিজ এনালিটিকাৰ তথ্য ফাদিল হোৱা ঘটনাৰ পাছত ফেচবুকে মঙলবাৰে প্ৰতিদিনে ১ লাখৰো অধিক ভুৱা তথ্যসম্বলিত একাউণ্ট বন্ধ কৰাৰ বিষয় অৱগত কৰে৷ এই প্ৰচেষ্টা হাতত লোৱাৰ পাছতো এতিয়াও ৩-৮ শতাংশ ভুৱা একাউন্ট আছে বুলি ফেচবুকৰ কৰ্তৃপক্ষই জনায়৷