ডিজিটেল ডেস্কঃ ভৰতীয় ১৭-অনুৰ্ধৰ ফুটবল দলত খেলিব এগৰাকী কিশোৰে৷ দেশে বিশ্ব ফুটবল মানচিত্ৰত লাহে লাহে ঠাই দখল কৰাৰ সময়তে দেশৰ সংবাদ মাধ্যমত এই কিশোৰগৰাকীৰ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ ১৪ বছৰৰ কিশোৰগৰাকীৰ ফুটবলৰ সাফল্যৰ বাবেহে চৰ্চালৈ আহে৷
ৰিয়েল মাদ্ৰিদত অনুশীলন কৰাৰ সুযোগ লাভ কৰ কেৰালাৰ কোল্লামৰ কিশোৰ ফুটবলাৰ মণিকন্দনে৷ এই কিশোৰগৰাকীয়ে কিছুদিন আগলৈ কোল্লামৰ এটি মন্দিৰত নিজ ভগ্নীৰ সৈতে ভিক্ষা কৰি ঘুৰি ফুৰিছিল৷ কোল্লামৰ মন্দিৰত ভিক্ষা কৰি থকা অৱস্থাত কোনো লোকে তেওঁক চৰকাৰী অনাথ আশ্ৰমত ৰাখে৷ অনাথ আশ্ৰমত ফুটবল খেলি চলি থকাৰ সময়তে তেওঁৰ ফুটবলৰ প্ৰতিভা তথা দক্ষতা ধৰা পৰিছিল৷