Home অন্যান্য খবৰবিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস পালন

বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস পালন

by News Desk
A+A-
Reset
IMG-20210730-WA0029

গোলাঘাট, ৩০ জুলাই : বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আজি গোলাঘাট জিলাৰ সমাজ কল্যান বিভাগৰ অধীনৰ ৱান ষ্টপ চেণ্টাৰত কেন্দ্ৰটোৰ লগতে উজ্জলা আশ্ৰয় গৃহৰ উদ্যোগত আৰু মহিলা শক্তি কেন্দ্ৰৰ সহযোগত এখন সভা অনুষ্ঠিত হয় । জিলা ভাৰপ্ৰাপ্ত সমাজ কল্যান বিষয়া শ্ৰীযুতা গৌৰীপ্ৰিয়া দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব শ্ৰীযুত নাৰায়ণ কুৰীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে । তেওঁ মানৱ সৰবৰাহৰ সৈতে জড়িত বিভিন্ন দিশ উপস্থাপন কৰাৰ লগতে এইক্ষেত্ৰত কিদৰে আইনী সাহায্য আগবঢ়াব পাৰি সেই বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে ।

শ্ৰীকুৰীয়ে বিশেষকৈ এইবাৰৰ দিৱসৰ মূল বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে । ভুক্তভোগীৰ কণ্ঠই মানৱ সৰবৰাহৰ বিৰুদ্ধেযে সবল ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত এইবাৰ বিশেষভাৱে গুৰুত্ব দিয়া হৈছে । সভাত সহকাৰী আয়ুক্ত ময়ূৰাক্ষী দত্ত, পুলিচ ফেচিলিটেছন বিষয়া তৃপ্তি গগৈ, সমাজ সেৱিকা অনুৰেখা বাকিৱাল, মহিলা শক্তি কেন্দ্ৰ, ৱান ষ্টপ কেন্দ্ৰ, উজ্জলা গৃহৰ বিষয়া-কৰ্মচাৰী আৰু একাংশ হিতাধিকাৰীও উপস্থিত আছিল ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0