Home অন্যান্য খবৰথলুৱা কৃষকৰ দ্বাৰা উৎপাদিত বুজন পৰিমাণৰ ফল-মূল ডিমাপুৰলৈ প্ৰেৰণ

থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত বুজন পৰিমাণৰ ফল-মূল ডিমাপুৰলৈ প্ৰেৰণ

by News Desk
A+A-
Reset
IMG-20210730-WA0026

গোলাঘাট, ৩০ জুলাই : গোলাঘাট জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ সৌজন্যত উদ্যান শস্য আঁচনিৰ অধীনত আজি জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ পৰা থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত বুজন পৰিমাণৰ ফল-মূল নাগালেণ্ডৰ ডিমাপুৰলৈ প্ৰেৰণ কৰা হয় । জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই পতাকা জোকাৰি ফল-মূলৰ গাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে । উপায়ুক্তগৰাকীয়ে কয় যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে জিলাখনৰ বিভিন্ন ঠাইৰ খেতিয়কসকলক এখন বজাৰ দিয়াৰ বাবে কৃষি বিভাগে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে ।

কৃষি বিভাগে এই কাৰ্যসূচীৰ অধীনত নিজা পৰিবহন ব্যয়েৰে ফল-মূলসমূহ ডিমাপুৰলৈ প্ৰেৰণ কৰাই নহয়, বৰং তাৰ ব্যৱসায়ীৰ সৈতে যোগাযোগ স্থাপন কৰি বিক্ৰীৰো ব্যৱস্থা কৰিছে । আনহাতে জিলা কৃষি বিষয়া শ্ৰীযুত নবীন চন্দ্ৰ বৰাই জানিবলৈ দিয়ে যে গাড়ীখনত এইবাৰ এহেজাৰটা আনাৰস, ২০ থোকা কল, ১,৫০০ গুটি নোহোৱা নেমু আৰু বুজন পৰিমাণৰ কঁঠাল ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে । পৰৱৰ্তী সময়ত অঞ্চলটোৰ খেতিয়কসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পোৱাটো সুনিশ্চিত কৰাৰ বাবে এনেকৈয়ে নিয়মীয়াকৈ চুবুৰীয়া ৰাজ্যখনলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0