14
অভয়াপুৰীঃ অভয়াপুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু হায়াত হস্পিতাল, গুৱাহাটীৰ সহযোগত ৮ জুলাইত অভয়াপুৰীত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰৰ আয়োজন কৰিছে।
বঙাইগাওঁ জিলাৰ অভয়াপুৰীস্থ কলা পৰিষদ ভৱনত ৰাতিপুৱা ১১ বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত হ’বলগীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰত কৰ্ডিঅ’লজী, ইউৰ’লজী আৰু মেডিচিন বিভাগৰ হায়াত হস্পিতালৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা সৰ্বসাধাৰণৰ ৰাইজক বিনামূলীয়াভাৱে চিকিৎসা সেৱা আগবঢ়োৱা হ’ব।