ডিজিটেল ডেস্কঃ ছত্তিশগড়ৰ সুকমা অঞ্চলত মাওবাদীৰ আক্ৰমণত নিহত ২৫ গৰাকী চিআৰপিএফ জোৱানক ৰায়পুৰত শ্ৰদ্ধাঞ্জলি যাঁচিব গৃহমন্ত্ৰী ৰাজনাথ সিঙে৷ শোকাৱহ ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ছহীদৰ বলিদান অথলে নাযায়৷
চিআৰপিএফৰ দলটোৱে সুকমা অঞ্চলৰ চিতাগুফাত এক পথ পথ মুকলি কৰিব যোৱাৰ সময়তে সংঘটিত হোৱা আক্ৰমণত ২৫ জন সেনা জোৱানৰ মৃত্যু হোৱাৰ লগতে ৭ জন গুৰুতৰভাৱে আহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আইইডি বোমাৰে এই আক্ৰমণ সংঘটিত কৰে আক্ৰমণকাৰীয়ে৷