newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰত্যাশামতে ভাৰত বনাম ইংলেণ্ড টেষ্ট চিৰিজৰ পঞ্চম দিনা ইংলেণ্ডক অল আউট কৰি তৃতীয়খন টেষ্টত বিজয় সাব্যস্ত কৰিলে কোহলী বাহিনীয়ে। ভাৰতীয় বলাৰৰ বিধ্বংসী বলিং প্ৰদৰ্শনেৰে মাত্ৰ ৩১৭ ৰাণতে দলটোৱে ইংলেণ্ডৰ গতি ৰুদ্ধ কৰি ২০৩ ৰাণৰ ব্যৱধানত বৃহত্ জয় লাভ কৰে। তৃতীয় টেষ্টত ভাৰতৰ জয়ৰ পিছত ভাৰত ইংলেণ্ডতকৈ ২-১ৰ ব্যৱধানত আগবাঢ়ি আছে।
মঙলবাৰে ইংলেণ্ড দলটোৱে অন্তিমটো উইকেটত খেল সামৰণি মৰাৰ পিছত বুধবাৰে পুনৰ জেমছ এণ্ডাৰছন আৰু আদিল ৰছিদে খেল আৰম্ভ কৰে। কিন্তু মাত্ৰ ১৭ টা বল খেলাৰ পিছতে ৰবিচন্দ্ৰন আশ্বিনৰ এটি বলত ৰাহানেৰ হাতত আণ্ডাৰছনে এটা কেছ তুলি দি পেভিলিয়নলৈ উভটি যাব লগা হয়।