জাজৰিঃ জাজৰিৰ পুৰণি সামাজিক সাংস্কৃতিক অনুষ্ঠান দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত ৩ আৰু ৪ ব'হাগত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়।

কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে অঞ্চলৰ বিশিষ্ট নাগৰিক অনন্ত বৰদলৈয়ে। ইয়াৰ পাছতে বিভিন্ন খেলধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দ্বিতীয় দিনা আগবেলা খেল-ধেমালিৰ পাছত বিয়লি ৪ বজাৰপৰা আমন্ত্রিত বিহুৱা দলৰদ্বাৰা প্ৰদৰ্শনীমূলক মুকলি বিহু নৃত্য অনুষ্ঠিত হয়। 

মুকলি বিহুখনি এটি উদ্বোধনী বিহুনৃত্যৰে আৰম্ভণি কৰে শিশু নৃত্যশিল্পী স্বাগতা কুমাৰীয়ে। মুকলি বিহুৰ পূৰ্বে কেইবাগৰাকী অঞ্চলৰ বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে ৰঙালী বিহুৰ আদৰণি জনায় উদ্যোক্তা সমিতিয়ে।

বিহুখন উদ্বোধন কৰে অসমীয়া বোলচৰিত অভিনেত্রী দিপ্তী তামুলী বৰাই। বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে অভিনেতা তপন শইকীয়া, মাজ জাজৰি গাঁও পঞ্চায়তৰ সভাপতি মিণ্টু কোঁৱৰ, সমাজকৰ্মী থগিত মহন্তকে ধৰি বহু বিশিষ্ট ব্যক্তিসকল।