মুছলপুৰঃ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাক-মূহুৰ্তত ফাদিল হ’ল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন স্বাস্থ্য বিভাগৰ এক নিযুক্তি কেলেংকাৰি। যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি অযোগ্য প্ৰাৰ্থীক নিযুক্তিৰে এই কেলেংকাৰি সংঘটিত কৰা হৈছে।
পোহৰলৈ অহা তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ৰ কৰ্কট হাস্পতালত উচ্চ নম্বৰপ্ৰাপ্তক বঞ্চিত কৰি নিম্ন নম্বৰ প্ৰাপ্তক নিযুক্তি দিছে হাস্পতাল কৰ্তৃপক্ষই। অভিযোগ অনুসৰি জিএমচি এইচৰ নিম্নবৰ্গৰ সহায়ক তথা কম্পিউটাৰ পদৰ বাবে শেহতীয়াকৈ প্ৰকাশিত বিজ্ঞাপন মৰ্মে আবেদন কৰে বাক্সা জিলাৰ মুছলপুৰৰ লাফাকুছিৰ ভাৰত চন্দ্ৰ মেধিয়ে।