100
চতিয়াঃ চতিয়াৰ ১ নং আদাভেটিত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে কেৰাচিন ঢালি জীৱন্তে জ্বলাই দিলে পত্নীৰ শৰীৰ। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ হয় মহিলা গৰাকী।
ৰাইজে আটক কৰি চতিয়া আৰক্ষী থানাত গতাই দিয়ে আজিবুৰ ৰহমান নামৰ অভিযুক্তজনক। সন্তান জন্ম দিব পৰাৰ ক্ষমতা নাই বুলি বহুদিনৰপৰা পৰিয়ালৰ ককৰ্থনা শুনি আহিবলগা হৈছিল মহিলাগৰাকী।