সাম্প্ৰতিক সময়ৰ বহু গল্পকাৰৰ গল্প বহু পঢ়ুৱৈয়ে সহজে বুজি নাপায় বুলি কোৱা শুনা যায়। হয়তো নৱতম লেখন শৈলী, বিষয়বস্তু আৰু প্ৰকাশ ভঙ্গীৰ ওপৰত সম্পৰীক্ষা আদিৰ বাবে তেনে কিছু বাধা আহি পৰে। পিছে পঞ্চানন হাজৰিকাৰ গল্প পঢ়ুৱৈৰ বাবে সৃষ্ট এনে বাধাৰ উৰ্দ্ধত। আজিৰ 'কিতাপ কথা'ত পঞ্চানন হাজৰিকাৰ গল্প সংকলন "আন্ধাৰতকৈ উদাস বতাহতকৈ স্বাধীন"​। লিখিছে নিশা ভূঞাই।


♦ ক’ভিড-১৯ মহামাৰীয়ে আৱৰি ৰখা তথা লকডাউনত জীৱন আৱদ্ধ হৈ পৰা সাম্প্ৰতিক সময়ছোৱাত শেহতীয়াভাৱে গ্ৰন্থ সম্পৰ্কীয় এক সমীক্ষা চলোৱা হৈছিল। সামাজিক মাধ্যম ফেচবুকত কিতাপ বিষয়ক এটি জনপ্ৰিয় গোটে চলোৱা এই সমীক্ষাত অধিকাংশ পঢ়ুৱৈয়ে উপন্যাস পঢ়ি সবাতোকৈ অধিক ভালপোৱাৰ তথ্য প্ৰকাশ হয়। ব্যক্তিগতভাৱে আমি নিজেও সাহিত্যৰ অন্য ধৰা সমূহতকৈ উপন্যাসৰ প্ৰতি অধিক আকৰ্ষণ অনুভৱ কৰো। তথাপিও কেইগৰাকীমান বিশেষ গল্পকাৰৰ গল্পৰ সোৱাদৰ পৰা অৱশ্যেই নিজকে আঁতৰাই ৰাখিব নোৱাৰি। 

নৱপ্ৰজন্মৰ তেনে এগৰাকী গল্পকাৰ হৈছে পঞ্চানন হাজৰিকা। বৰ্তমান গৱেষণাৰ লগতে শিক্ষকতা বৃত্তিৰ সৈতে জড়িত পঞ্চানন হাজৰিকাই ২০১১ আৰু ২০১৪ চনত ক্ৰমে জে বি কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্রেষ্ঠ সাহিত্য প্ৰতিযোগীৰ খিতাপ অৰ্জন কৰিছিল। তদুপৰি তেওঁ ২০১২ চনতেই গৰিয়সী চন্দ্ৰপ্ৰসাদ শইকীয়া চুটিগল্প পুৰস্কাৰ লাভ কৰিছিল।অসমৰ আগশাৰীৰ প্ৰায় কেইখন কাকত-আলোচনীত গল্প প্ৰকাশ হোৱা এইগৰাকী গল্পকাৰৰ প্ৰথমখন প্ৰকাশিত গল্প সংকলনৰ নাম হৈছে— "আন্ধাৰতকৈ উদাস বতাহতকৈ স্বাধীন"। এই অতিকৈ আকৰ্ষণীয় শিৰোনামেই চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰকাশিত এই গল্প সংকলনখনৰ প্ৰতি পঢ়ুৱৈসকলক আকৰ্ষিত কৰি তোলে। 

২০১২ চনৰ পৰা ২০১৯ চনৰ ভিতৰৰ সময়ছোৱাত তেওঁ ৰচনা কৰা মুঠ দুকুৰি গল্পৰ পৰা নিৰ্বাচিত ১৮ টি গল্প "আন্ধাৰতকৈ উদাস বতাহতকৈ স্বাধীন"ত সন্নিবিষ্ট কৰা হৈছে। প্ৰতিটো গল্পই পূৰ্বে কাকত আলোচনীত প্ৰকাশিত যদিও এই একত্ৰ সংকলনখনৰ কথা কিছু সুকীয়া। কিয়নো এই সংকলনখনত মূলতঃ দুটি বিষয়ক কেন্দ্ৰ কৰি ৰচনা কৰা গল্পসমূহ সন্নিবিষ্ট কৰা হৈছে।এই কথা গল্পকাৰজনে গ্ৰন্থখনৰ আগকথাত উল্লেখ কৰিছে।  

তাৰে প্ৰথমটি বিষয় হৈছে— অসমৰ চলিত সময়ৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ কিছু খণ্ডচিত্ৰ। আলফাৰ মুক্তি সংগ্ৰামৰ পৰা পৰা কৃষক মুক্তি আন্দোলনলৈকে বহু স্পৰ্শকাতৰ ৰাজনৈতিক বিষয়ক মূল ৰূপে লৈ এনে গল্পসমূহ ৰচনা কৰা হৈছে। এই গল্পসমূহৰ কেইবাটাও চৰিত্ৰৰ মাজত হয়তো বহু পঢ়ুৱৈয়ে নিজকে বিচাৰি পাবলৈ সক্ষম হ'ব। এনে চৰিত্ৰসমূহৰ বিভিন্ন আলাপ-আলোচনাত যেন বহু পঢ়ুৱৈ অজানিতে সংযুক্ত হৈ পৰাৰ অৱকাশ গল্পকাৰজনে ৰাখিছে। কলেজীয়া অথবা হোষ্টেলৰ আড্ডাৰ মাজৰ পৰা যেন এনে একো একোটা ৰাজনৈতিক গল্পই ঠন ধৰি উঠিছে। "যুদ্ধৰ অনুচ্ছেদ","টেঙানি,২০১৭" আদি তাৰেই অন্যতম উদাহৰণ। 

গল্প সংকলনখনত সন্নিবিষ্ট অন্য গল্পসমূহ (অৰ্থাৎ দ্বিতীয় বিষয়) হৈছে প্ৰচলিত সুঁতি অথবা প্ৰচলিত ধাৰণাৰ বিপৰিতমুখী প্ৰেমৰ। সকলো প্ৰথা-পৰম্পৰা ভাঙিব খোজা মানৱীয় সম্পৰ্কৰ তীব্ৰ আবেদন আৰু আকাংক্ষাৰ এই গল্পসমূহত সামাজিক ভাৱে অনুমোদিত প্ৰেমৰ ধাৰণাক প্ৰত্যাখ্যান কৰিবলৈ চেষ্টা কৰা হৈছে। "সাঁথৰ", "ৰাতিপুৱাৰ খণ্ডচিত্ৰ" আদি তেনে গল্পৰ অপূৰ্ব নিদৰ্শন। 

সাম্প্ৰতিক সময়ৰ বহু গল্পকাৰৰ গল্প বহু পঢ়ুৱৈয়ে সহজে বুজি নাপায় বুলি কোৱা শুনা যায়। হয়তো নৱতম লেখন শৈলী, বিষয়বস্তু আৰু প্ৰকাশ ভংগীৰ ওপৰত সম্পৰীক্ষা আদিৰ বাবে তেনে কিছু বাধা আহি পৰে। পিছে পঞ্চানন হাজৰিকাৰ গল্প পঢ়ুৱৈৰ বাবে সৃষ্ট এনে বাধাৰ উৰ্দ্ধত। "আন্ধাৰতকৈ উদাস বতাহতকৈ স্বাধীন"ৰ  প্ৰত্যেকটো গল্পই সেই কথা প্ৰমাণ কৰে। 

সংকলনখনৰ প্ৰত্যেকটো গল্পই সৰল প্ৰকাশভংগীৰে সমৃদ্ধ, যি অত্যাধিক পঢ়ুৱৈৰ মন চুই যাবলৈ সক্ষম হৈছে। বহু কেইটা গল্পৰ বিষয়বস্তুৰ মাজত সাদৃশ্য পৰিলক্ষিত হ'লেও গল্পসমূহ কিন্তু এটাতকৈ আনটো সম্পূৰ্ণ পৃথক। এই কথা সংকলনটি পঢ়ি গ'লে সহজেই অনুমান কৰিব পাৰি। পাণবজাৰৰ বি আৰ বুক ষ্টলে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন সঞ্জীৱ বৰাই সজাই তোলা বেটুপাতে অধিক সজীৱ কৰি তুলিছে। গ্ৰন্থখনৰ মূল্য ১৫০ টকা।