72
ৰায়পুৰঃ চত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত মঙলবাৰে ৬২ মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। দেশৰ বাওঁপন্থাত বিশ্বাসী উগ্ৰপন্থী নিয়ন্ত্ৰণত এয়া চৰকাৰৰ বৃহৎ সাফল্য হিচাপে পৰিগনিত হৈছে।
বাছাৰ আৰক্ষীৰ মহাপৰিদৰ্শক বিবেকানন্দ সিনহা আৰু নাৰায়ণপুৰৰ অৰক্ষী অধিক্ষক জীতেন্দ্ৰ শুক্লাৰ উপস্থিতিত মাওবাদীসকলে মূল সুঁতিলৈ ঘূৰি অহাৰ লগতে ঘৰুৱাভাৱে নিৰ্মিত ৫১ টা বন্দুক জমা দিয়ে।