ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্দে নিষিদ্ধ কৰা পানী খুৱাইছে ইছলে কোম্পানীয়ে

 | by NNO Correspondent  |  0
Printer-friendly version

গৰমৰ দিনকেইটা আপোনালোকে বজাৰত উপলব্ধ পানী বটল যদি ক্ৰয় কৰি খাইছে তেন্তে এই প্ৰতিবেদন নিশ্চয় এবাৰলৈ চাবলৈ নাপাহৰিব৷ 

 

মৰিয়নীঃ বিশুদ্ধ খোৱাপানীৰ নামত জনসাধাৰণৰ স্বাস্থ্যক লৈ হেতালি খেলিছে যোৰহাট তিতাবৰৰ এটা খোৱা পানী প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে। ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্দে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ২ তাৰিখে তিতাবৰ ৰঙাজান হাটীচুঙী গাঁওত অৱস্থিত জি.এম ইণ্ডাষ্টীজ নামৰ খোৱা পানী প্ৰস্তুতকাৰী কোম্পানীটোৰ দ্বাৰা উৎপাদিত দুশ মিলি লিটাৰ বটলৰপৰা, আধা লিটাৰ, এক লিটাৰ, দুই লিটাৰ আৰু বিশ লিটাৰ পানী বটলৰ ওপৰত STOP MARKING ঘোষণা কৰি উৎপাদন আৰু প্ৰচলন স্থগিত ৰখাৰ ঘোষণা কৰিছিল। 

উল্লেখ্য যে  ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্দৰ দ্বাৰা কৰা পৰীক্ষণৰ সময়ত জি.এম ইণ্ডাষ্ট্ৰীজৰ দ্বাৰা উৎপাদিত ইচলে কোম্পানীৰ খোৱা পানীত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িওৱা আৰ্চেনিক ধৰা পৰাত কোম্পানীটোক উৎপাদন আৰু প্ৰচলন বন্ধ কৰিবলৈ নিদেৰ্শ প্ৰদান কৰি থৈছে। আনহাতে, ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্দে পুনৰ পৰীক্ষণত কোম্পানীটোৰ পানী উত্তীৰ্ণ হ'লেহে কোম্পানীটোৱে পানী উৎপাদন আৰু প্ৰচলন কৰিব পাৰিব বুলিও নিৰ্দেশ দি থৈছে। 

কিন্তু ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্দে ৰ সকলো নিৰ্দেশ ইচলে পানী কোম্পানীয়ে অৱমাননা কৰি পেকেজিংৰ তাৰিখ সলনি কৰি ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্দে নিষিদ্ধ কৰাৰ পূৰ্বৰ তাৰিখত পানী বটল সমূহ উৎপাদন কৰা দেখুৱাই প্ৰতিষ্ঠানটোৱে তিতাবৰ, মৰিয়নী, যোৰহাট নগৰৰ লগতে শিৱসাগৰ, গোলাঘাট পৰ্যন্ত পানীৰ প্ৰচলন অব্যাহত ৰাখিছে। 

মৰিয়নী নগৰৰ এজন ব্যৱসায়ীক ইচলে কোম্পানীয়ে পেকেজিঙৰ তাৰিখ নথকা আৰু ম্যাদ উকলা পানী যোগান ধৰা বুলি জানিব পাৰি ব্যৱসায়ী গৰাকীয়ে ততাতৈয়াকৈ বটল সমূহ বিক্ৰী বন্ধ কৰি দিয়ে।  ইচলে কোম্পানীটোৰ এই অনিয়মৰ বিষয়ে গুৱাহাটীস্থিত ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্দৰ সঞ্চালকক সাংবাদিকে ফোন যোগে অৱগত কৰাত কোম্পানীটোৱে শেষতীয়া ফলাফলত উত্তীৰ্ণ নোহোৱা পৰ্যন্ত কোনো পধ্যে খোৱা পানী উৎপাদন আৰু প্ৰচলন কৰিব নোৱাৰে বুলি স্পষ্টকৈ জানিবলৈ দিয়ে। ফলত কাৰ সাহসত জনস্বাস্থ্যৰ প্ৰতি গুৰুত্ব ভাবুকি কঢ়িয়াই আৰ্চেনিক যুক্ত পানী উৎপাদন আৰু প্ৰচলন কৰি আহিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আনহাতে কোম্পানীটোৰ বিৰুদ্ধে ব্যুৰ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্দে পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।