112
আগৰতলাঃ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস, চমুকৈ মে’ ডে’ৰ চৰকাৰী বন্ধ উঠাই ল’লে ত্ৰিপুৰাৰ বি জে পি চৰকাৰে। এতিয়াৰপৰা ইয়াক বন্ধৰ সলনি অৰ্ধ ছুটী হিচাপে তালিকাভুক্ত কৰিছে বিপ্লৱ দেৱ নেতৃত্বাধীন চৰকাৰখনে।
চৰকাৰৰ এনে কাৰ্যক তীব্ৰ সমালোচনা কৰিছে বিৰোধী চি পি আই (এম)-এ। যোৱা শনিবাৰে চৰকাৰে জাৰি কৰা এক জাননীৰ পাছতে বাওঁ দলটোৱে কয় যে এক ঐতিহাসিক বিপ্লৱৰ জড়িয়তে শ্ৰমিকে লাভ কৰা অধিকাৰৰ দিনটো এনেদৰে নোহোৱা কৰাটো খাটিখোৱা জনতাৰ পৰিপন্থী কাৰ্য।