মিৰ্জাঃ অসমীয়া জন জীৱনৰ জাতীয় ঐক্য আৰু সমন্বয়ৰ প্ৰতীক ৰঙালী বিহু প্ৰতি অসমবাসীৰ অতি আদৰৰ। এই বিহুটি আদৰাৰ বাবে বিগত বছৰবোৰৰ দৰে এইবেলিও পলাশবাৰীৰ উপৰহালীত অহা ২৬, ২৭ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৬ তম্ উপৰহালী ৰঙালী বিহু সন্মিলনখন উদযাপনৰ প্ৰস্তুতি চলাইছে বুলি সন্মিলনৰ সভাপতি হৰেন ঠাকুৰীয়া আৰু সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰে জনাইছে। 

বিহুৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব উপৰহালী ৰঙালী বিহু সন্মিলন সভাপতি হৰেন ঠাকুৰীয়াই। ৯ বজাত স্মৃতি তৰ্পন কৰিব উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি লক্ষ্যধৰ তালুকদাৰে। ৯.৩০ বজাত বৃক্ষ ৰোপন কৰিব উপৰহালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মিনু তালুকদাৰ আৰু উপৰহালী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক সুশান্ত ঠাকুৰীয়াই। 

১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী সুনীতা কৌশিকে। দুপৰীয়া ১ বজাত খেল ধেমালী প্ৰতিযোগিতা উদ্বোধন কৰিব ৰথীন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই। সন্ধিয়া ৭ বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰিব বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই। ইয়াৰ পিছতে নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত-মাত পৰিৱেশন অনুষ্ঠিত হ'ব। 

সেইদৰে ২৭ এপ্ৰিলৰ পুৱা ১০ বজাত কণ কণ শিশুৰ চিত্ৰাংকণ প্ৰতিযোগিতা। সন্ধিয়া ৬ বজাত বটা বিতৰণী অনুষ্ঠানৰ পিছতেই সাংস্কৃতিক মঞ্চ মুকলি কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নৱজ্যোতি তালুকদাৰ। বিহুৰ দুইদিন সংস্কৃতিক অনুষ্ঠানত বিশেষ আকৰ্ষণ হিচাপে গীত পৰিবেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোনাৰ, গীতাঞ্জলী দাস আৰু মনমিতা ভৰদ্বাজে। 

উল্লেখ্য যে, এইবাৰ ৰঙালী বিহুৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত মুকলি ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লগতে অশ্বিনী কুমাৰ তালুকদাৰ সম্পাদনাত "সুৱৰী ষষ্ঠ সংখ্যা"এখনি আলোচনী উন্মোচন, অঞ্চলটোৰ প্ৰত্যেক ঘৰে ঘৰে গছপুলি বিতৰণ আৰু দুখীয়া ল'ৰা-ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত প্ৰেৰণাৰ উৎসাহ যোগোৱাৰ উদ্দেশ্যে জলপানীৰ ব্যৱস্থা কৰা হ'ব বুলি উদযাপন সমিতিয়ে জনাইছে।