85
তেজপুৰঃ চৰকাৰলৈ বাট চাই চাই ভাগৰি পৰা ৰাইজে নিজে গাঁথিৰ ধন ভাঙি কাঠৰ দলং নিৰ্মাণ কৰি থকা অৱস্থাত স্থানীয় অগপ বিধায়ক বৃন্দাবন গোস্বামীয়ে বাধা দিয়াক কেন্দ্ৰ কৰি আজি তেজপুৰৰ ডিপোটা অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ডিপোটা অঞ্চলৰ বালিপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কৃষক ৰাইজে বহুদিন ধৰি ডিপোটা নদীৰ ওপৰত থকা তিনিখন জৰাজীৰ্ণ কাঠৰ দলঙেৰে অহা যোৱা কৰি দুৰ্ভোগ ভুগি আহিছে। প্ৰতিবছৰে বান আৰু খহনীয়া কবলত পৰি ৰাইজে জীয়াতু ভুগিছে।