মোৰাঝাৰঃ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ নীলবাগান গাওঁ পঞ্চায়তত চতুৰ্থদশ বিত্তীয় আয়োগৰ ধনৰ অপব্যৱহাৰ আৰু আইএৱাই, এনৰেগা আঁচনি ৰূপায়নত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি পঞ্চায়ত খনৰ ৰাইজে অভিযোগ দাখিল কৰাৰ পিছত হোজাই জিলাৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে তদন্ত ঘোষণা কৰিছিল।
জিলা উপায়ুক্ত জনৰ নিৰ্দেশতে আজি ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনুসূয়া শৰ্মা, বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৰেন ডেকা, কনিষ্ঠ অভিযন্তা জাকিৰ হুছেইন আজি নীলবাগান গাওঁ পঞ্চায়ত কাৰ্যালয়ত স্থানীয় ৰাইজ আৰু পঞ্চায়ত সভাপতি, সচিবৰ লগত আলোচনাত মিলিত হয়।