102
newsnextone । মৰিয়নিঃ মৰিয়নিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত ছাত্র নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰতাপ গগৈ নামৰ ছাত্ৰ নেতাজনে দেৱজিত গগৈ নামৰ সতীৰ্থজনৰ লগত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত তাণ্ডৱ চলাইছিল। দেৱজিত গগৈ বৰ্তমানে পলাতক অৱস্থাত আছে। দাবী কৰা ধন আদায় নিদিয়া বাবে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে CCTV-ত বন্দী হৈছে সমগ্ৰ দৃশ্য ।