newsnextone.com৷ নলবাৰীঃ নলবাৰী জিলা বিজেপিৰ উদ্যোগত আজি ভাৰত গৌৰৱ তথা অসম কন্যা হিমা দাসে সোণ আৰু ৰূপৰ পদক আজুৰি আনি জয় লাভ কৰাৰ পিছত নিজৰ ৰাজ্য অসম আগমন উপলক্ষে নলবাৰী গৰ্ডন স্কুল খেল পথাৰত এক আদৰণি অনুষ্ঠান কৰাৰ লগতে জিলাখনৰ এগৰাকী উদীয়মান খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়। তদুপলক্ষে জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আতঁ ধৰে জিলা সাধাৰণ সম্পাদক নিতুল ডেকাই।
অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, এথলেটিকছৰ ৰাজ্যিক মূখ্য প্ৰশিক্ষক কল্যাণ বৰ্মন, জিলা ক্ৰীড়া বিষয়া চন্দন মুছাহাৰী, গৰ্ডন ফিল্ড পৰিচালনা সমিতিৰ সভাপতি চিনু কলিতা, বিজেপিৰ জিলা কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, বিজেপি নেতা জয়ন্ত বুজৰবৰুৱা, জয়ৰাম বৰ্মন, যুৱ নেতা ধনেশ্বৰ ডেকা, প্ৰণৱ কুমাৰ ডেকা, বিশিষ্ট খেলুৱৈ হেমেন্দ্ৰ মহন্ত সহ জিলাখনৰ বহু সংখ্যক ক্ৰীড়া সংগঠক উপস্থিত থাকে।