ন’য়ডাঃ ৰাষ্ট্ৰীয় পতাকা কেৱল ফালি পেলোৱাই নহয়, তাৰপিছত সেইখন ডাষ্টবিনত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে অপ্প’ৰ এজন কৰ্মচাৰীৰ বিষয়ে। মঙলবাৰে আৰক্ষী চকীত এই অভিযোগ দাখিল কৰে সেই কোম্পানীৰে এজন প্ৰত্যক্ষদৰ্শী কৰ্মচাৰীয়ে। ন’য়ডাৰ চেক্টৰ ৬৩ ত থকা চীনৰ এই ম’বাইল কোম্পানীটোৰ বিৰুদ্ধে আজি কাৰ্যালয়ৰ সমুখত কৰ্মচাৰীকে ধৰি বহুলোকে প্ৰতিবাদ সাব্যস্ত কৰে।
জাতীয় পতাকাৰ অৱমাননাৰ এই অভিযোগৰ বিষয়টো আৰক্ষীয়ে গুৰুত্বসহকাৰে লৈছে। উল্লেখ্য যে পতাকাখন ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস উপলক্ষে বেৰত লগাই থোৱা হৈছিল। সেই পতাকাখন সোমবাৰে কাৰ্যালয়টোৰ কৰ্মচাৰী এজনে এৰুৱাই আনি ফালি ডাষ্টবিনত পেলাই দিয়ে।