newsnextone.com | গুৱাহাটীঃ পৰিবহণৰ ক্ষেত্ৰখনত নতুন ইতিহাস সৃষ্টি কৰি কেইগৰাকীমান অসমীয়া যুৱকৰ প্ৰচেষ্টাত বুধবাৰৰ পৰা গুৱাহাটী মহানগৰীত সেৱা আৰম্ভ কৰিলে ‘লা-কেৱ’-এ৷ মঙলবাৰে এই সেৱাৰ শুভৰাম্ভ কৰে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া নন্দন সিঙে৷ আৰক্ষী বিষয়া নন্দন সিঙে সেৱা মুকলি কৰি ইয়াৰ দ্বাৰা থলুৱা যুৱকৰ কৰ্মসংস্থাপন মুকলি হ’ব বুলি কয়৷ আনহাতে মহানগৰীৰ যান-জোঁটৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ আইন মানি চলিব লাগিব বুলি কয়৷
আনহাতে এই প্ৰতিষ্ঠানৰ গুৰি ধৰোতা সঞ্জীৱ দৈমাৰি এই সেৱাৰ পৰা কোনো ব্যৱসায়ৰ কথা ভবা নাই বুলি কৈ শিক্ষিত নিৱনুৱাৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰা বুলি কয়৷ চালৰ সকলৰ স্বাস্থ্য বীমা কৰাৰ লগতে বিভিন্ন সুবিধা প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে দৈমাৰিয়ে৷