পাঠাশালাঃ পাঠশালাৰ টেপাৰটাৰীত দেওবাৰে নিশা ১৪ বছৰীয়া এগৰাকী কিশোৰীক তিনিজন যুৱকে দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায়। টেপাৰটাৰীৰ পৰা নিশা মাৰুতি ভানেৰে অহা তিনি যুৱকে কিশোৰীকগৰাকীক বলপূৰ্বকভাৱে উঠাই নি নেউলাভিঠাত যৌন নিৰ্যাতন চলায়।
হাত ভৰি বান্ধি ধৰ্ষণ কৰি নদীত পেলাই থৈ পলায়ন কৰে পাষণ্ড যুৱককেইজনে। সৌভাগ্যক্ৰমে ৰক্ষা পৰে কিশোৰীগৰাকী। সৰ্থেবাৰীৰ ধ্ৰুৱজ্যোতি ৰয়সহ তিনি অভিযুক্ত যুৱক বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে। এই ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছে পৰিয়াৰ লোকে।