শুক্লাইঃ শান্তি-সম্প্ৰীতি, শোষণ-বঞ্চনা, অন্যায় আদিৰ বিৰুদ্ধে কোনোৱে যদি ৰাজপথলৈ ওলাই আহে আৰু আন কোনোৱে তুলি লয় হাতত কলম। উকা পাতত কলমটোৰে কেতিয়াবা বিদ্ৰোহী কবিতা কেতিয়াবা শান্তি-সম্প্ৰীতিৰ হকে আৰু শোষণ-বঞ্চনা-অন্যায়ৰ বিৰুদ্ধে হাতত কলম তুলি লয় বহু লোকে।
ভাষিক উন্নতি সাধন আৰু নৱপ্ৰজন্মৰ মাজত সাহিত্য চৰ্চ্চাৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বান্ধোনক অধিক শক্তিশালী ৰূপে গঢ় দিয়াৰ মানসেৰে সাহিত্যিক বদ্ৰী গুৰাগাইৰ নেতৃত্বত চলিছে শান্তি-সম্প্ৰীতিৰ সমাজ গঢ়াৰ প্ৰয়াস৷