97
ডিজিটেল ডেস্কঃ দেশৰ ১৪তম ৰাষ্ট্ৰপতি হিচাবে আজি শপত গ্ৰহণ কৰে ৰামনাথ কোৱিন্দে ৷ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত শপত গ্ৰহণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল, কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী সহিতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
শপত গ্ৰহণৰ পূৰ্বে জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাটলৈ যায় দেশৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকী৷ দিনৰ প্ৰায় ১২বাজি ১৫মিনিটত শপত গ্ৰহণ কৰে ৰামনাথ কোৱিন্দে৷