শিৱসাগৰঃ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত নাৰায়ণ কোঁৱৰে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলক গ্ৰহণযোগ্য উন্নয়ন আৰু চলিত ২০১৭-১৮ বৰ্ষৰ বিত্তীয় বাজেটত অহা টকাৰে কৰিবলগীয়া কৰ্ম আঁচনিৰ বিষয়ে আলোচনা কৰাৰ বাবে এখন সভা অনুষ্ঠিত কৰে।
সকলো বিভাগে উন্নয়নমূলক কামৰদ্বাৰা জিলাখন উন্নতিৰ পথেৰে আগুৱাই নি চৰকাৰ তথা ৰাইজৰ উন্নতি সাধন কৰিবলৈ যাতে সক্ষম হয় তাৰ বাবে জিলা উপায়ুক্তই গ্ৰহণযোগ্য উন্নয়নৰ বাবে চৰকাৰে বান্ধি দিয়া সময় সীমা ২০৩০ চনৰ ভিতৰত সকলো কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।