মুম্বাইঃ সোনম কাপুৰক পুনৰবাৰ অক্ষয় কুমাৰৰ সৈতে ৰূপালী পৰ্দাত দেখিবলৈ পাব দৰ্শকে। আৰ বাল্কিৰ নতুন ছবিখনৰ বাবে সোনমক মুখ্য অভিনেত্ৰী হিচাপে চুক্তিবদ্ধ কৰা হৈছে। আৰ বাল্কিয়ে সোনমক লগ কৰি ছবিখনৰ কাহিনীটো শুনোৱাৰ লগে লগেই সোনমে ছবিখনত অভিনয় কৰিবলৈ সন্মত হয়। এই ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম অতি সোনকালেই আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অক্ষয় কুমাৰে। আনহাতে এই ছবিখনত অমিতাভ বচ্চনক বিশেষ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব।
113
previous post